অকমান ধেমালি : নবীন আৰু আন আন

২৪/০৯/২০১২
নবীনৰ কাহিনী নং ৩ —নবীন আৰু ইন্টাৰভিউ
প্ৰশ্ন : ধৰি লোৱা দুখন ৰেল এটা লাইনত আহি গ’ল, তেতিয়া কি কৰিবা ??
নবীন : ৰেড লাইট দেখুৱাম চাৰ ৷

প্ৰশ্ন : যদি ৰেড লাইট নাথাকে তেতিয়া ?

নবীন : টৰ্ছ লাইট দেখুৱাম চাৰ ৷

প্ৰশ্ন : যদি টৰ্ছ লাইট নাথাকে তেতিয়া ?

নবীন : তেতিয়া নিজৰ ৰঙা ছাৰ্টটো খুলি জোকাৰিম চাৰ ৷

প্ৰশ্ন : যদি ৰঙা ছাৰ্ট নাথাকে তেতিয়া ?

অলপ চিন্তা কৰি,

নবীন : চাৰ তেতিয়া অপুক মাতিম ৷

প্ৰশ্ন : অপু! কোন অপু ??

নবীন : চাৰ মোৰ বন্ধু অপু ৷

প্ৰশ্ন : অপু! অপুৱে কি জানে ??

নবীন : চাৰ অপুৱে একো নাজানে ৷ কিন্তু সি বৰ দুখ কৰি আছে আজিলৈকে হেনো ৰেল এক্সিডেন্ট দেখা নাই ৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷
নবীনৰ কাহিনী নং ২ — নবীন আৰু ইন্টাৰভিউ
সঁচা কথা এটা কওঁ আৰু দেই !!!

সেইদিনা মই .. .. মানে হেৰিৰ (মানে বুজিছে নহয় কাৰ কথা কৈছো) বহি আছো ৷
নবীন সোমাই আহিল হাতত ফাইল এটা লৈ ৷ মানে হেৰিক দিলে ৷ ফাইলত চকু ফুৰাই মানে হেৰি ফায়াৰ ৷
মানে হেৰি — এই বোৰ কাৰ মুৰাটো কৰিছা???? ক’ত আছা বুলি ভাবিছা???? শশুৰবাড়ীত????
নবীনে মুখেৰে নামাতি তললৈ চাই আছে ৷
মানে হেৰি — বুৰ্বক দেখিছা কেতিয়াবা?
নবীনে মুখেৰে নামাতি তললৈ চাই আছে ৷
মানে হেৰি — তলত কি চাই আছা?? নাই দেখা যদি এই ফালে চোৱা !!!
নবীনৰ কাহিনী নং ১ — নবীন আৰু ডকাইত
এদিন নবীন কামৰ পৰা উভতি আহি আছে ৷
সন্মুখত ওলাই গ’ল বিৰাপ্পন টাইপ ডকাইত এটা ৷

দুয়োৰে মাজত তুমুল দবৰা—দবৰি ৷ মাটিত বাগৰি বাগৰি যুজ লাগিছে ৷
নবীনে যিমান পাৰে যুজিছে ৷ কিন্তু শেষত বিৰাপ্পন টাইপ ডকাইত জিকিল ৷

বিৰাপ্পন টাইপ ডকাইতে নবীনৰ পেন্টৰ পকেটৰ পৰা পাৰ্ছটো উলিয়ালে ৷
মেলি চাই দেখে তাত ফটা ৫ টকীয়া নোট এখন আৰু ৫০ পইছা এটা !!!!!!!!!

বিৰাপ্পন টাইপ ডকাইতৰ টেমা গৰম হৈ গ’ল ৷
‘অই তই ৫ টকা ৫০ পইছাৰ কাৰনে ইমান কিয় যুজিলি ??’

নবীন — মই কেনেকৈ জানিম আপুনি টকা ৫০ পইছাৰ কাৰনে যুজিছিল বুলি ৷ মোক কোৱা হ’লেই দি দিলো হয় ৷ মই ভাবি আছিলো আপুনি মই জোতাৰ ভিতৰত ভৰাই অনা ১০০০০ টকা নিবলৈ খুজিছে !!!!!!

7 comments:

  1. Replies
    1. please visit my assamese blog #https://knowinassamese.blogspot.com/

      Delete
  2. Hi
    Hope you are doing well!

    We are currently running a people participatory campaign
    #AsomBasaonAhok (Assamese) for Assam with the hashtag #AssamBachao (English).

    Through this hashtag, we are inviting video entries from all over Assam to highlight the issues being faced by the state- the best of which will be rewarded with exciting prizes such as Iphone12, One Plus phones & other multiple cash giveaways.

    We want this initiative to reach every corner of the state,so that each voice of Assam gets a chance to express its concerns, & therefore we would love for you to be a part of this amazing contest, which you can do by talking about this campaign on your page(s), in the form of your own
    content or a repost/reshare/retweet of our campaign post.

    We are excited to take this discussion to the next level with you in every possible way. Kindly let us know if you are interested!:)
    https://www.youtube.com/channel/UCp9yNQYkmwferHqQ8ciY3Sw/featured.

    Name: Hitesh Kumar
    Email: kumarrhk1002@gmail.com

    ReplyDelete