Wednesday 11 June 2014

ইংৰাজী সাধু

বহু দিন আগতে এটা কাহিনী লিখিছিলো ৷
কি লিখিছিলো বাৰে বাৰে ৰিমেম্বাৰ কৰিও মনত পেলাব পৰা নাই ৷
গতিকে আগৰ কাহিনীটোৰ দৰে চেম টু চেম একে নহব পাৰে যদিও আকৌ এবাৰ লিখিবলৈ চেষ্টা কৰিবলৈ ট্ৰাই কৰিছো ৷

মই সদায়ে ৰাতিপুৱা মৰনিং ৱাক কৰি খোজ কাঢ়িবলৈ যাওঁ ৷
এওঁ আকৌ মোক কয়, ‘‘অকল ৱাক কৰি খোজ কাঢ়িলেই নহব ৷ অকনমান জগিং কৰি কৰি লাহে লাহে দৌৰিবা ৷ তাৰ লগতে অকন এক্সাৰছাইজ কৰি কৰি ব্যয়ামো কৰিবা ৷’’

যোৱাকালি ৰাতিপুৱা 
আকৌ আমাৰ গেটৰ তলাটো লক কৰি বন্ধ কৰা আছিল ৷ চাবিটো বিচাৰি নাপায় মই গেটৰ ওপৰেদি জাম্প কৰি জাপ মাৰি দিলো ৷ বেয়াকৈ শ্লিপ কৰি পিচল খাই পৰিলো ৷ ভৰিৰ এংকোলৰ সৰু গাঠিটোত স্পেইন হৈ মোচোকা খালো ৷ এতিয়া পেইন হৈ বিৰাট বিষাই আছে ৷ এবাৰ ডাক্টৰ ওচৰত দেখুৱাই ছেক-আপ কৰাব লাগিব ৷

পাছে অলপ চিন্তাই লাগিছে ৷
কাইলৈ আকৌ ৰাতিৰ নাইট ছুপাৰত শিৱসাগৰলৈ যোৱাৰ কথা আছে ৷

ডাক্টৰে যদি বেছি চোকা মেডিচিনৰ স্ট্ৰং দৰব দিয়ে তেতিয়া অসুবিধা হ|
সেইবোৰ খালে মই উইক হৈ দুৰ্বল হৈ যাওঁ ৷
কি যে কৰিম নহয় !!!!!!!!!!!!!!!!

No comments:

Post a Comment