Tuesday 17 June 2014

আজিকালি অকনমান সাৱধান হৈছো

‘‘ভিনদেউ, BTM Lay Out, কফী বৰ্ডৰ ওচৰত নামিব ৷ তাৰ পাছত ১০০ মিটাৰ মান আগুৱাই আহি বাওঁফালে যিটো ফ্লেট আছে তাৰ C-4লৈ উঠি আহিব ৷’’

মিঠাইৰ টোপোলা হাতত লৈ পালো গৈ খুলশালীৰ ঘৰ ৷
 
কলিং বেল বজাবলৈকে নাপালো, ‘‘আহক আহক ভিনদেউ ৷ জোতা খুলিব নালাগে ৷’’
জোতাৰ সৈতেই সোমাই গলো ৷
 

ভিতৰ সোমাই চকীখনত বহিবলৈ লওঁতেই এওঁৰ ফোন আহিল, ‘‘কি কৰি আছা ?’’
‘‘কি কৰি আছা মানে ? খুলশালীৰ ঘৰলৈ আহিছো ৷ ..........’’
ফোনত কথা পাতি
 পাতিয়ে চকী এখনত বহি দিলো ৷
ধমহ !!!!!!!!!
শব্দ এটা উঠিল ৷
ফোনত এওঁ সুধিছে, ‘‘সেইটো কিহৰ শব্দ ?’’

মই তেতিয়া খুলশালীৰ ফ্লেটৰ বহা কোঠাৰ মজিয়াত চিৎ ভেলেঙা খাই মাটিত শুই আছো ৷
ফোনটো যেনিবা কাণতে লাগি আছে ৷
এওঁ আকৌ চিঞৰিছে, ‘‘আৰে সেইটো কি শব্দ আছিল নোকোৱা কিয় ?’’
মই কেকাই কেকাই উত্তৰ দিলে, ‘‘মই বহি দিওঁতে চকীখন ভাঙি থাকিল ৷ শব্দটো যে শুনিছিলা সেইটো মই মাটিত বাগৰি পৰাৰ শব্দ আছিল ৷’’

পাছত এওঁ মোক গালি পাৰিছে, ‘‘তুমি অকনমান চাই চিতি বহিব নোৱাৰা নেকি ?’’
মনতে ভাবিছো, ‘‘তাৰ মানে আকৌ কি ? মই কি চাই - চিতি বহিব লাগে ?’’

বলে নোৱাৰি এওঁ বকিছে, ‘‘তোমাৰ লাজ নালাগে নে চকী ভাঙি থাকিল ?’’
মনতে ভাবিছো, ‘‘তাৰ মানে আকৌ কি ? দূৰ্বল চকী কিনিছে খুলশালীয়ে ৷ লাজ মই পাব লাগে নে তেওঁ ?’’

আজি কালি পাছে মই বহাৰ আগে আগে  চকীবোৰ অকনমান পৰীক্ষা কৰি লওঁ


বীথিৰ ঘৰলৈ মাতি আছে, এনেয়ে কথাটো মনত পৰি গ‘ল কিবা .......... 

No comments:

Post a Comment