Thursday 25 April 2013

এইটো বৰ্নালীৰ নম্বৰ নেকি বাৰু ?

যোৱাকালিৰে পৰা বৰ চিন্তাত আছো ৷
বৰ্নালীৰ নম্বৰ হেৰাল ৷ বিচাৰি পোৱা নাই এতিয়া ৷

Is it Bornali's no ? (এইটো বৰ্নালীৰ নম্বৰ নেকি ?)
মোৰ ফোনলৈ SMS আহিল ৷ বুজি পালো কাৰোবাৰ ওচৰত বৰ্নালীৰ নম্বৰটো হেৰাল ৷ কোনেনো SMS কৰিছে নাজানো ৷ তথাপিও মনটো বেয়া লাগিল, চিন্তা লাগিল ৷ বৰ্নালীৰ নম্বৰটো হেৰাল তাৰমানে ৷ মনত ভাবিলো কৈ দিওঁ নেকি ময়ে বৰ্নালী বুলি ৷ তাৰ পাছত ভাবিলো মোৰ লগৰ কেইবাজনীও বৰ্নালী আছে ৷ তাহাতৰ নম্বৰবোৰকে দি দিওঁ নেকি ?

পাছে SMS পঠিয়ালো 'toi manuh maribi kin2' (তই মানুহ মাৰিবি কিন্তু) ৷

তাৰ পাছত হৈ গল আৰু কৈছো নহয় !!
দীপ দা ?’
অজয় দা নেকি ?’
পাপলু দা ন
অমৰ দা নেকি বাৰু ?’
দেবদা ?’
SMSৰ ওপৰত SMS ৷ এতিয়া ফোন বন্ধ কৰি থৈছো ৷

ধৰিবই পৰা নাই কাৰ কাৰ নম্বৰ হেৰাল ৷ বৰ্নালীৰ নালাগে দাদা এজনৰো নম্বৰ নাই দেখোন ?

কিন্তু মোৰ তালৈ এনে ধৰনৰ বাৰ্তা ইমানকৈ কিয় আহি থাকে বাৰু ? আগতে এবাৰ পাৰিজাতক বিচাৰি তিনিজন মানে বাৰ্তা পঠিয়াইছিল ৷
http://pratibhudutta.blogspot.in/2013/02/blog-post_5182.html

No comments:

Post a Comment